History of The Akshaya Patra Foundation
আমাৰ ফাউণ্ডেচনৰ ইতিহাস কৰুণা আৰু সহানুভূতিৰ এটি কাহিনীৰে আৰম্ভ হয় -
এদিন মায়াপুৰ নামৰ কোলকাতাৰ ওচৰৰ এখন গাওঁত, মহান দয়ালুএ.চি. ভক্তিবেদান্ত স্বামী প্ৰভুপদ দেৱে খাদ্যৰ টুকুৰাৰ বাবে শিশুৰ দল এটিয়ে বাটৰ কুকুৰৰ সৈতে কাজিয়া কৰি থকা দেখা পালে। এই সাধাৰণ অথচ হৃদয়বিদাৰক ঘটনাৰ পৰা এটি সংকল্পই জন্ম ললে যে : আমাৰ কেন্দ্ৰৰ দহ মাইল ব্যাসাৰ্ধৰ ভিতৰত কোনো শিশু ভোকত থাকিব নালাগিব।
তেখেতৰ অনুপ্ৰেৰণামূলক সংকল্পই আমাক Akshaya Patra ফাউণ্ডেচন সৃষ্টি কৰাত সহায় কৰিলে,ইয়াৰ আজিৰ ৰূপত।
জুন 2000 চনত, Akshaya Patra ফাউণ্ডেচনে বাংগালোৰ, কৰ্ণাটকাতমিড্-ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰমআৰম্ভ কৰিলে।প্ৰণয়নৰ প্ৰাৰম্ভিক দিনসমূহ সংস্থাটোৰ বাবে সুকলমে আগুৱাই যাব পৰা বিধৰ নাছিল, কিন্তু সোনকালেই, দুজন লোকৰ সহায়ৰ হাত আগুৱাই আহিল, মোহনদাস পাইৰ , যিজনে বিদ্যালয়লৈ খাদ্য পৰিবহন কৰাৰ বাবে প্ৰথমখন গাড়ী দান কৰাৰ উদ্যোগ গ্ৰহণ কৰিলে আৰু অভয় জৈন, যিজনে কাৰ্য্যক্ৰমৰ বিস্তাৰৰ বাবে অৰিহণা যোগাবলৈ আৰু বেছিসংখ্যক দাতাপোৱাৰ প্ৰতিশ্ৰুতি দিলে।
এই মহান ইচ্ছাৰ অনুসৰণত, কাৰ্য্যক্ৰমটোৱে এই লক্ষ্য আকোঁৱালি ললে যে - “ভাৰতবৰ্ষত কোনো শিশু ভোকৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হব নালাগিব।”
বাংগালোৰৰ পাঁচখন চৰকাৰী বিদ্যালয়ৰ 1500 শিশুক মিড্-ডে মিল (মধ্যাহ্ন ভোজন) পৰিবেশন কৰাৰ দ্বাৰা এই বিনম্ৰ আৰম্ভণিৰ সূত্ৰপাত হল।
আজি, ভাৰত চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ অংশীদাৰী, তথা কেইবাজনো পৰোপকাৰী দাতাৰ উদাৰতাৰ ফলস্বৰূপে; সংস্থাটোৱে বিশ্বৰ অন্যতম সৰ্ববৃহৎমিড্-ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম চলাই আছে। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীৰ ওপৰত নিৰ্মিত, Akshaya Patra -ই বিদ্যালয়ত পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত দুপৰীয়াৰ আহাৰ বিতৰণ কৰিবৰ বাবে ভাল পৰিচালনা, নতুনত্বপূৰ্ণ প্ৰযুক্তিবিদ্যা আৰু চতুৰ অভিযান্ত্ৰিকীৰসনম্বয়সাধন কৰিছে।
সংস্থাটোৱে প্ৰতিদিনে ভাৰতৰ 9 খন ৰাজ্যৰ 20 খন ঠাইৰ 10,000 খন চৰকাৰী বিদ্যালয়ৰ যোগেদি 1.3 মিলিয়ন সুবিধাবঞ্চিত শিশুক সতেজভাৱে ৰন্ধা, স্বাস্থ্যকৰ আহাৰ বিতৰণ কৰে।
The Akshaya Patra Foundation © 2015 Website Designed & Maintenance By Creative Yogi
