স্বচ্ছতা

স্বচ্ছতা হৈছে বিশ্বাস আৰু নিৰ্ভৰযোগ্যতাৰ চাবিকাঠী। Akshaya Patraফাউণ্ডেচনে নিজৰ সকলো গতিবিধিৰ সন্দৰ্ভত সম্পূৰ্ণ স্বচ্ছতাত বিশ্বাস কৰে। এই নীতিৰ সতে খোজ মিলাই আমি ইণ্টাৰনেচনেল ফাইনেন্সিয়েলৰিপৰ্টিংষ্টেণ্ডাৰ্ডচ্ (আইএফআৰএচ) ৰ অনুৰূপতা অনুসৰণ কৰোঁ। 2008-09-ত গ্ৰহণ কৰা আইএফআৰএচৰিপৰ্টিঙে সংস্থাটোৰ হিতাধিকাৰী সকলৰ মাজত আত্মবিশ্বাস গঢ়ি তোলাত যথাৰ্থভাৱে অৰিহণা যোগাইছে।  

আমি লগতে ইনষ্টিটিউট অৱ চাৰ্টাৰ্ডএকাউণ্টেটচ্ অৱ ইণ্ডিয়া (আইচিএআই) ই জাৰী কৰা ইণ্ডিয়ান একাউণ্টিংষ্টেণ্ডাৰ্ডৰো অনুৰূপতা মানি চলোঁ। প্ৰেজেণ্টেচনসমূহৰ গুণগত মানদণ্ড উন্নত কৰি তুলিবৰ বাবে হিচাপ-নিকাচ আৰু বিত্তীয় প্ৰতিবেদনৰ নৱ মানদণ্ড গ্ৰহণ কৰাত সংস্থাটো নিয়মিতভাৱে আগৰণুৱা হৈ আছে। প্ৰতিটো বিত্তীয় বৰ্ষৰ সমাপ্তিত বিত্তীয় লেখাপৰীক্ষা আৰু মন্তব্যসমূহৰ সতে সংস্থাটোৱে নিজৰ বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰে আৰু এয়া ইয়াৰ সকলো হিতাধিকাৰীৰ বাবে উপলব্ধ কৰি তোলে।

transperancy-assamese

স্বচ্ছতাৰ ওপৰত নিয়মিত আৰু নিয়মনিষ্ঠ মনোযোগ কেন্দ্ৰীভূত কৰাৰ ফলস্বৰূপে সংস্থাটোৱে তলত দিয়া সন্মান আৰু স্বীকৃতিসমূহ লাভ কৰিছে।

  • একেৰাহে পাঁচ বছৰৰ বাবে “বিত্তীয় প্ৰতিবেদনৰ ক্ষেত্ৰত উৎকৃষ্টতা”ৰ বাবে আইচিএআইগোল্ডশ্বীল্ডএৱাৰ্ড যিয়ে আইচিএআই হ’ল অৱ ফেমলৈ সংস্থাটোৰ প্ৰৱেশৰ সূত্ৰপাত কৰিছিল।  

  • চাউথ এচিয়ান ফেডাৰেচন অৱ একাউণ্টেটচ্ (এচএএফএ) গোল্ডএৱাৰ্ড 2011-12

  • তিনি বছৰৰ বাবেএনজিঅ শ্ৰেণীত বিশিষ্ট বাৰ্ষিক প্ৰতিবেদনৰ বাবে চিএচঅপাৰ্টনাৰচ এৱাৰ্ড

  • আমেৰিকান কমিউনিকেচনচ্প্ৰফেছনেলচ্ (এলএচিপি) ভিজন এৱাৰ্ডত একেৰাহে দুই বছৰৰ বাবে গোল্ড এৱাৰ্ড

প্ৰশাসন দৰ্শন আৰু স্বচ্ছতা নীতিৰ অনুৰূপে, সংস্থাটোৱে 2012-13 বিত্তীয় বৰ্ষৰ বাবে নিজৰ বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰিছে। অনুগ্ৰহ কৰি 2012-13 ৰ বাৰ্ষিক প্ৰতিবেদনৰ অনলাইন সংস্কৰণ চাওঁক। 

Read More

Share this post

whatsapp

Note : "This site is best viewed in IE 9 and above, Firefox and Chrome"

`